PLEURISY বা হৃদহুল ৰোগ
ইয়াৰ কাৰণ :--
আমাৰ বুকুৰ দুয়োকাষে শ্বাস যন্ত্ৰ বা হাওঁফাওঁ থাকে। এই হাওঁফাওঁৰ দুখনৰ ওপৰত এখন আৱৰণ থাকে। তাকে আমি হাওঁফাওঁৰ আৱৰণ ঝিলি বা পৰ্দা বা pleural বুলিও কওঁ। এই pleural ৰ আকৌ দুটি ভাজ থাকে। তাৰে এটা হাওঁফাওঁত লাগি থাকে আৰু আনটো ভাঁজ বুকুৰ প্ৰাচীৰৰ লগত সংলগ্ন হৈ থাকে। এই ঝিলি বা পৰ্দাৰ সক্ৰমিত হোৱাকে আমি হৃদহুল বা pleurisy হোৱা বুলি কওঁ।
Pleural ৰ দুয়োটা ভাঁজ বা অৱৰণৰ মাজত এবিধ পাতল পদাৰ্থ নিৰ্গত হৈ দুয়োখন আবৰনকে মসৃণ কৰি ৰাখে। যেতিয়াই এই নিঃসৰণ বন্ধ হৈ যায় তাৰ ফলস্বৰূপে আৱৰণ দুখন শুকান হৈ পৰে। ইয়াৰ ফলত শ্বাস গ্ৰহণৰ সময়ত তীব্ৰ খুঁচা বিন্ধা বা বেদনাৰ অনুভৱ হয়। কেতিয়াবা এই পৰ্দা দুখনৰ মাজত পানী জমা হৈও এনে অৱস্থাৰ সৃষ্টি হয়।
সেয়েহে এই হৃদহুল বা pleurisy ৰোগক দুটা প্ৰধান ভাগত ভাগ কৰা হয়।
১. Pleura ৰ দুয়োটি আবৰণৰ মাজৰ শুকান অৱস্থাৰ ৰোগক কোৱা হয় dry pleurisy.
২. Pleura দুয়োটি আবৰণৰ মাজত পানী জমা হলে তাক কোৱা হয় wet pleurisy বা pleural effusion.
ইয়াৰ কাৰণ সমূহ :--
কোন ধৰণৰ হৃদহুল বা pleurisy হৈছে সেইটো ইয়াৰ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। দেহৰ উত্তাপ, পিয়াহ লগা, জ্বৰ, বুকুত সামান্য বিষ অনুভৱ। বুকুত percussion কৰি পানী জমা হৈছে বুলি জানিব পাৰিলে সি হব wet pleurisy. যদিহে বুকুত বেজীৰে ফুটুৱাৰ দৰে খুঁচ মাৰি ধৰা বিষ, লৰ চৰ কৰিলে বিষ বৃদ্ধি হয়, শুকান কাঁহ, হালধীয়া বৰণৰ জিভা, মুখত অনবৰতে তিতা তিতা স্বাদ, কুষ্ঠ-কঁঠিন্য আদি হল dry pleurisy ৰ লক্ষণ।
স্থ্যেটচকুপৰ দ্বাৰা বুকু পৰীক্ষা
Auscultation:--
Dry pleurisy ৰোগত ষ্টেটস্কপৰ দ্বাৰা বুকু পৰীক্ষা কৰিলে এক বিশেষ ধৰণৰ ঘছ ঘছ শব্দ শুনিবলৈ পোৱা যায়। pleurisy হলে নিশ্বাসৰ শব্দ খুব কমেই হে পোৱা যায়। plurar মাজত যিবোৰ অংশত পানী জমা হয়, সেই অংশত কোনো ধৰণৰ শব্দ পোৱা নাযায়। তাকে বোলা হয় dull area. ই হল wet pleurisy ৰ বিশেষ লক্ষণ।
দুয়ো ধৰণৰ pleurisy ত বুকুৰ পৰীক্ষা যেনেকোৱাই নহওক কিয়, লক্ষণ অনুযায়ী চিকিৎসা পদ্ধতি প্ৰায় একেই ধৰণৰ হয়। অথচ তাতো কিছু পাঠক্য নথকা নহয়, এই বিষয়ে পিছত বৰ্ণনা কৰা হৈছে।
Percussion:--
বুকুৰ দুয়োফালৰ হাড়ৰ মাজত বাওঁ হাতৰ আঙুলি ৰাখি সোঁ হাতৰ আঙুলিৰে আঘাট কৰিলে ঠক ঠক শব্দ হয়। plura ৰ যিমান অংশ পানীৰ দ্বাৰা আক্ৰান্ত হৈ থাকে তাত কোনো শব্দ পোৱা নাযায়। X-ray ৰ দ্বাৰা হে ইয়াক নিৰ্ধাৰণ কৰিব পৰা যায়।
ইয়াৰ চিকিৎসা বা Treatment :--
যিমান পাৰে সোনকালে এজন অভিজ্ঞ চিকিৎসকৰ কাষ চাপিব। যথা সময়ত চিকিৎসা আগবঢ়ালে চিন্তাৰ কাৰণ নাই।
##########---########
Comments
Post a Comment