হাওঁফাওঁৰ বেমাৰ বা Pneumonia
ইয়াৰ কাৰণ :--
নানান ধৰণৰ বীজাণুৰ, প্ৰধানকৈ pneumo coccus বীজাণু হাওঁফাওঁৰ বায়ুকোষৰ গাঁত সমূহত প্ৰৱেশ কৰি আক্ৰমণ কৰিলে সেই ৰোগকে বোলা হয় নিউমুনিয়া বা pneumonia। জ্বৰ, পানীলগা আদিত ভোগা, হাওঁফাওঁৰ দুৰ্বলতা, বা কিবা প্ৰকাৰত হাওঁফাওঁত আঘাত লগা, ঋতু পৰিৱৰ্তন আৰু তাৰ কাৰণে ঠাণ্ডা লগা, অতিৰিক্ত মদ্যপান, অনিয়ম আদিয়েই এই ৰোগৰ প্ৰধান কাৰণ।
প্ৰকাৰভেদ :--
নিমুনিয়া সাধাৰণতে দুই প্ৰকাৰৰ হয়, যেনে-
১. Lobar pneumonia- এই ৰোগত হাওঁফাওঁৰ বায়ু কোষৰ অংশ সমূহ আক্ৰান্ত হয়। ইয়াৰ পৰা প্ৰায়ে হাওঁফাওঁৰ আৱৰণ বা pleura ও আক্রান্ত হয়। বহুতেই ইয়াক আচল নিমুনিয়া বুলিয়ে কব বিচাৰে। এটা বা তাটোতকৈ অধিক lobe আক্ৰান্ত হৈয়ে সম্পূৰ্ণ হাওঁফাওঁ আক্ৰান্ত হব পাৰে।
২. Bronchopneumonia --
ইয়াত শ্বাস নলী আৰু হাওঁফাওঁৰ প্ৰধান প্ৰধান নলী সমূহ আক্ৰান্ত হয়।
ইয়াৰ লক্ষণ সমূহ :--
Broncho pneumonia:- সাধাৰণতে কম বয়সীয়া শিশু সকল এই ৰোগত আক্ৰান্ত হোৱা দেখা পোৱা যায়। অন্য বয়সৰ ব্যক্তিও আক্রান্ত হয় কিন্তু তাৰ পৰিমাণ কম। ইয়াত প্ৰথমে শ্বাস নলী আক্ৰান্ত হয় পাছত লাহে লাহে হাওঁফাওঁৰ বায়ু কোষ সমূহক আক্ৰমণ কৰে।
এই ৰোগত অকস্মাৎ জ্বৰ বেছি নুঠে, জ্বৰ ধীৰে ধীৰে ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে। শেষলৈ জ্বৰ ১০২ ৰ পৰা ১০৪ ডিগ্ৰী পয্যন্ত উঠিব পাৰে। এই জ্বৰ নামেও অতি লাহে লাহে। নাড়ীৰ গতি খৰ হয়, ঘন ঘন শ্বাস প্ৰশাস, আৰু শ্বাস কষ্টই দেখা দিয়ে। শুকান কাঁহ, ফেনৰ দৰে বা পূঁজৰ দৰে খেকাৰ বাহিৰ হয়। ৰোগীয়ে খুব ধীৰে ধীৰে আৰোগ্য লাভ কৰে। এই ৰোগত আক্রান্ত ৰোগী কমেও ১২ ৰ পৰা ১৪ দিন পয্যন্ত ভুগিব লগা হয়।
Lobar pneumonia :--
এই বিধ ৰোগত হঠাতে কঁপনিৰে সৈতে জ্বৰ উঠে, জ্বৰ ক্ৰমান্বয়ে প্ৰবল হৈ পৰে। ২৪ ঘণ্টাৰ ভিতৰত ইয়াৰ প্ৰাবল্য ১০৪/১০৫ ডিগ্ৰী পৰ্যন্ত হোৱা দেখা পোৱা যায়। কিছু দিন এই ভাবে ভোগাৰ পাছত হঠাৎ জ্বৰ কমিবলৈ ধৰে। শৰীৰ দুৰ্বল হৈ পৰে আৰু নাড়ীৰ গতি প্ৰতি মিনিটত ১২০/১৩০ লৈকে বৃদ্ধি পাব পাৰে। ইয়াৰ লগে লগে শ্বাস প্ৰশাসৰ গতি বৃদ্ধি পায় আৰু শ্বাস কষ্ট হয়।
ৰোগীৰ বুকুত বিষ, শ্বাস কষ্টৰ উপৰিও সঘনাই শুকান কাঁহ , আঠাৰ দৰে খেকাৰ বাহিৰ হোৱা আদি লক্ষণ থাকে। তিনি চাৰিদিনৰ পাছত খেকাৰৰ বৰণ ৰঙা বৰণৰ হয়। ইয়াৰ পিছত মুৰ ঘূৰোৱা, অস্থিৰতা, মানসিক বিকাৰ আদিও প্ৰকাশ পাব পাৰে।
প্ৰসাৱৰ পৰিমাণ কমি যায়, প্ৰসাৱ ডাঠ হালধীয়া বা ৰঙা বৰণৰ হয়। জিভা প্ৰায়ে ঢেল ঢেলিয়া হয়।
সাধাৰণতে তিনিটা অৱস্থাৰ মাজেৰে এই lober pneumonia ই আত্ম প্ৰকাশ কৰে। যেনে
১. Stage of hyperaemia :--
ইয়াত হাওঁফাওঁত ৰক্তধিক্য হৈ হাওঁফাওঁ ফুলি উঠে, এই অৱস্থা প্ৰায় তিনি চাৰি দিন থকা দেখা পোৱা যায়।
২. Stage of red hepatization :--
এই অৱস্থাত হাওঁফাওঁৰ বায়ু কোষ সমূহ আঠাৰ দৰে ঘন ৰখেৰে ভৰি পৰে। হাওঁফাওঁ কঠিন হৈ পৰে। এই অৱস্থা প্ৰায় কেইবাদিনো থাকিব পাৰে।
৩. Stage of grey hepatization :--
এই অৱস্থাত হাওঁফাওঁৰ কঠিন ভাব কোমল হবলৈ ধৰে। হাওঁফাওঁত সঞ্চিত ৰস সমূহ কাঁহৰ সৈতে বাহিৰ হবলৈ ধৰে। হাওঁফাওঁ ক্ৰমে পৰিষ্কাৰ হবলৈ ধৰে আৰু ৰোগী লাহে লাহে আৰোগ্য লাভৰ ফালে আগবাহে। এই অৱস্থা ৭ ৰ
পৰা ১০ দিন পৰ্যন্ত লাগিব পাৰে।
হাওঁফাওঁৰ পৰীক্ষা :--
১. Inspection - এই ৰোগত হাওঁফাওঁৰ তলৰ অংশ আক্ৰান্ত হয় কাৰণে ওপৰৰ অংশ ওখ আৰু তলৰ অংশ বহি যোৱা যেন অনুভৱ হয়। শ্বাস প্ৰশাসত ওপৰৰ অংশ উঠা নমা কৰে তলৰ অংশ নকৰে।
২. Palpation- ৰোগীৰ বুকুত হাত দি যদি ৰোগীক ৯৯৯( নাইন নাইন নাইন) মাতিবলৈ দিয়া হয় তেন্তে আক্ৰান্ত অংশত অনাক্ৰান্ত অংশতকৈ বেছি স্পন্দন হোৱা অনুভৱ হয়। ইয়াকে বোলে Vocal fremitus.
৩. Percussion - বুকুৰ পিঞ্জৰাৰ দুডাল হাড়ৰ মাজত বা বাওঁ হাতৰ আঙুলি ৰাখি সোঁ হাতেৰে আঘাট কৰিলে, ৰোগৰ দ্বিতীয় পৰ্যায়ত কোনো খালি শব্দৰ পোৱা নাযায়, টান কাঠত টুকুৰীয়ালে যেনে শব্দ হয় তেনে শব্দ শুনা যায়।
৪. Auscultation-- ষ্টেটছচকুপৰ দ্বাৰা পৰীক্ষা কৰিলে ৰোগৰ প্ৰথম অৱস্থাত চুলিয়ে চুলিয়ে ঘঁহাৰ দৰে সামান্য শব্দ পোৱা যায়। দ্বিতীয় অৱস্থাত স্পষ্টভাৱে ইয়াৰ শব্দ শুনিবলৈ পোৱা যায়। তৃতীয় অৱস্থাত শব্দ কমি আহে bronchial breath sound হে পোৱা যায়।
চিকিৎসা বা Treatment :--
এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা যেনে ধৰক. X-ray, pathological ইত্যাদি অতি শীঘ্ৰে কৰোৱাৰ ব্যৱস্থা কৰিব। ৰোগীক complete bed rest ত ৰখাটো অতি প্ৰয়োজন।
অনুষঙ্গিক ব্যৱস্থা-
আগতে উল্লেখ কৰি অহা ব্রকাইটিছ ৰোগৰ দৰে প্ৰায় একেই, গতিকে পুনৰ উল্লেখ কৰাৰ আৱশ্যক নাই।
#########----########
লিখনি টি পঢ়ি কেনে পালে, আপোনালোকৰ বহুমূলীয়া মন্তব্য comment box দিলে ধন্য হম। ইয়াৰোপৰি অন্য সকলোবোৰ লিখনি পঢ়িবৰ বাবে www.hengdang.blogspot.com যাওক আৰু ইয়াক subscribed কৰক।
Comments
Post a Comment