তনছিল বা tonsillitis
ইয়াৰ কাৰণ :--
মুখ খন হাঃ কৰি ডাঙৰ কৈ মেলি ধৰিলে তালুৰ শেষৰ ফালে দুয়ো ফালে বাদমৰ গুটিৰ দৰে দুটি গন্থী আমাৰ দৃষ্টিগোচৰ হয়।ইয়েই হল টনছিল বা Tonsil. আৰু ইয়াৰ যেতিয়া infections হয় বা বা জ্বলন পূৰণ বিষ আদি হয় তাকেই আমি Tonsillitis হোৱা বুলি গণ্য কৰোঁ।
ইয়াৰ লক্ষণ :--
এই গন্থী দুটি যেতিয়া ৰঙা পৰি ফুলি উঠে আৰু বিষ অনুভৱ হয় তেতিয়াই আমি tonsillitis হৈছে বুলি ধাৰণা কৰিব পাৰো। এই ৰোগ যেতিয়া আৰম্ভ হয় তাৰ লগত ক্ৰমে জ্বৰ, মুৰঘুৰনি, শ্বাস কষ্ট, যিকোনো খাদ্য বস্তু গিলোতে কষ্ট অনুভৱ, মুখত প্ৰায়ে থু ওলাই থকা, সৰ্ব শৰীৰত বিষ অনুভৱ, মাত ভগা আদি নানান বিসংগতি প্ৰকাশ পায়। অনতিপলমে ভাল অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ নললে ই ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। কেতিয়াবা কেতিয়াবা ই ইমানেই বৃদ্ধি পায় যে যিকোনো বস্তু এই ৰোগীয়ে গিলিবলৈ অপাৰগ হয়। বা অক্ষম হয়।
এই ৰোগৰ লগত দীপথেৰিয়া Diphtheria ৰোগৰ বহু পাৰ্থক্য আছে। Diphtheria ৰোগত আক্ৰান্ত ৰোগীৰ ডিঙিৰ ভিতৰত বগা পৰ্দা পৰে, এই পৰ্দা ৰোগীৰ মুখৰ ভিতৰত টৰ্চৰ পোহৰ দি চালে স্পষ্টভাৱে দেখা পোৱা যায়। Tonsillitis ৰোগীৰো এনে পৰ্দা পৰিব পাৰে। এই দুয়োটাৰ ভিতৰত পাৰ্থক্য এয়ে যে Diphtheria ৰ পৰ্দা সহজে আঁতৰাব নোৱাৰি আৰু Tonsillitis ৰ পৰ্দা সহজে আতৰি যায়। কিন্তু ইয়াত ৰোগীৰ জ্বৰ বেছি হোৱা দেখা যায়।
চিকিৎসা বা Treatment :--
পৰা পক্ষত এজন অভিজ্ঞ ENT Specialist পৰামৰ্শ লব পাৰিলে ভাল, নহলেও এজন অভিজ্ঞ চিকিৎসকৰ কাষ চাপিব পাৰে। (General Physician). যথা সময়ত উপযুক্ত চিকিৎসা গ্ৰহণ নকৰিলে ই বেছি হৈ অৱশেষত Operation বা শল্য চিকিৎসা কৰাব লগীয়া হবগৈ পাৰে।
আনুসংগিক ব্যৱস্থা :--
গৰম পানী কুলা কৰিলে ভাল, গৰম পানীত অলপ নিমখ মিহলাই কুলা কৰিলে বহুখিনি সকাহ পোৱা যায়। ঠাণ্ডা লগোৱা বা ঠাণ্ডা বস্তু খোৱা একেবাৰে বৰ্জন কৰা ভাল।পাতল পনিয়া পুষ্টিকৰ খাদ্য ৰোগীৰ বাবে উপকাৰী।
#######--#######
Please read it subscribed it and put your valuable comments
Visit- www.hengdang.blogspot.com
Comments
Post a Comment