কৃমি ৰোগ বা Worms
ইয়াৰ কাৰণ :--
আগতেই উল্লেখ কৰি অহা হৈছে যে কৃমি বা পেলু ই এটা জাতি নহয়। ইয়াৰ অসংখ্য জাতি বা নানান প্ৰজাতিৰ আছে। কৃমি সাধাৰণতে অন্ত্ৰ আৰু মলদ্বাৰত পোৱা যায়।
শিশু সকলে নানান বস্তু বুটলি মুখত দিয়ে। সেই বস্তুত যদি কৃমিৰ বীজ বা কণী থাকে তেন্তে সি পেটৰ ভিতৰত গৈ তাৰ বংশ বৃদ্ধি কৰে।পেটৰ ভিতৰত কৃমিৰ বংশৰ বিস্তাৰ হয় আৰু অন্ত্ৰত ঘাঁৰ সৃষ্টি কৰি তাৰ পৰা তেজ শোষণ কৰে।
কেঁচা ফলমূল, কেঁচা শাক পাচলি, গেলা মাংস আদি খালেও কৃমিৰ কণী বা larva পেটত প্ৰবেশ কৰিব পাৰে। সঘনাই আৰু বেছি পৰিমানে মিঠা বস্তু খালে অচিৰেই ইহঁতৰ বংশ বৃদ্ধি হয়। পেটৰ কৃমি সাধাৰণতে চাৰি প্ৰকাৰৰ হোৱা দেখা যায় যেনে-
১. সূতাৰ দৰে সৰু কৃমি বা thread worms.
২. কেঁচুৰ দৰে দীঘল কৃমি বা round worms.
৩. অতি সূক্ষ্ম কৃমি বা hook worms.
৪. বহু দীঘল আৰু দেখিবলৈ ফিটাডালৰ দৰে, যাক আমি ফিটা পেলু বুলি কওঁ Tape worms.
ইয়াৰ লক্ষণ সমূহ:--
১. সূতাৰ দৰে পেলু বা thread worms-
এই কৃমি বা পেলু দলবান্ধি আমাৰ পেটৰ ভিতৰত caecum ত থাকে আৰু কণী দিবৰ সময়ত মলদ্বাৰলৈ গতি কৰে। যাৰ ফলশ্ৰুতিত কেতিয়াবা কেতিয়াবা শৌচদ্বাৰত পিৰপিৰাই বা খজুৱাই। শিশুৰ ক্ষেত্ৰত নাকৰ আগভাগ আৰু শৌচদ্বাৰত খজুৱতি হব পাৰে। শোৱাৰ সময়ত বা টোপনিৰ সময়ত দাঁত চোবাব পাৰে। এই পেলু দীঘলে এক ইঞ্চি পয্যন্ত হয়, ইয়াৰ ৰঙ বগা।
২. কেঁচুৰ দৰে পেলু বা Round worms -
এই জাতীয় পেলু ভালেখিনি দীঘল হয়, সাধাৰণতে চাৰি ইঞ্চিৰ পৰা বাৰ ইঞ্চি পৰ্যন্ত দীঘল হয় আৰু দেখাত কেঁচুৰ দৰে হয়। ইয়াৰো ৰং বগা। কেতিয়াবা কেতিয়াবা বমিৰ সৈতে দুই এটা পেলু মুখেৰেও বাহিৰ হৈ অহা দেখা যায়।
পেট উসহা, পেটৰ বিষ, টোপনিৰ সময়ত দাঁত কতকতাই থকা, উচপখাই উঠা, নাক আৰু শৌচদ্বাৰত পিৰপিৰুৱা, শৰীৰ ক্ৰমে ক্ষীণ হৈ যোৱা, প্ৰায়ে বিজলুৱা শৌচ, কেতিয়াবা অত্যাধিক ভোক লগা পুনৰ অকস্মাৎ আভুঁক হোৱা, মুখৰ ভিতৰত নিমখ নিমখ পানী আহি থকা, বমি বা বমিৰ ইচ্ছা আহি থকা, আৰু শ্বাস প্রশাখত দুৰ্গন্ধই হৈছে ইয়াৰ প্ৰধান লক্ষণ।
কেতিয়াবা এই পেলু পিত্ত নলীয়েদি গৈ যকৃতত প্ৰৱেশ কৰিলে liver cirrhosis বা জণ্ডিচ ৰোগ হোৱা দেখা পোৱা যায়।কেতিয়াবা ই বমিৰ সৈতে মুখেৰে ওলাই আহে আৰু কেতিয়াবা শৌচৰ লগত বাহিৰ হয়।
কদাচিত যদিহে পেলু পেটত পৰা আহি শ্বাস নলীত প্ৰৱেশ কৰে তেন্তে অৱস্থা বিপদজনক হৈ পৰে।
ফিটা পেলু বা tape worms :--
এই জাতীয় পেলু অতি দীঘল আৰু ফিটাডালৰ দৰে চেপেটা আকৃতিৰ হয়। ইয়াৰ দেহত ঘন ঘন ভাঁজ থাকে। ইয়াৰ দৈর্ঘ প্ৰায় চাৰিৰ পৰা পাঁচ ফুট পয্যন্ত হয়।
এই জাতীয় পেলু ক্ষুদ্ৰান্তৰ আশে পাশে বাস কৰে। অসংখ্য চেপেটা চেপেটা আৰু চাৰিকুনিয়া টুকুৰাৰ দ্বাৰা ইয়াৰ দেহ গঠিত হয়।
এই পেলু নেজৰ ফালৰ পৰা চিগি অলপ অলপ কৈ মলৰ সৈতে বাহিৰ হৈ থাকে। ইয়াৰ সংখ্যা সাধাৰণতে এটাই থাকে যদিও প্ৰতিটো ছিগা টুকুৰা একোটা পেলুৰ সমান।
গাহৰিৰ মাংস খালে তাৰ জৰিয়তে ই মানুহৰ দেহত প্ৰবেশ কৰে। সাধাৰণতে যি সকলে গাহৰি বা গৰুৰ মাংস খাই হে সকলৰ ক্ষেত্ৰত ইয়াক বেছি হোৱা দেখা পোৱা যায়।
শৌচত যদিহে ইয়াক দেখা পোৱা যায়, তেন্তে বুজিব লাগিব যে ফিটা পেলু আছে।
৪. সাঁকোটা পেলু বা Hook Worms
সাঁকোটা বা হুক ডালৰ দৰে এক বিশেষ জাতীয় পেলু আছে। আকাৰত কিন্তু ই বৰ সৰু, এই সাঁকোটা পেলুবোৰে লেতেৰা ঠাই বা মাটিৰ পৰা আমাৰ ভৰিৰ তলুৱাৰ ছাল ভেদ কৰি দেহত প্ৰৱেশ কৰে। আৰু তেজৰ সৈতে মিহলি হৈ অৱশেষত পেটত আহি আশ্ৰয় লয়।
এই পেলু দেহত প্ৰৱেশ কৰাৰ পাছতেই অতি কমসময়ত ইয়াৰ বংশ বৃদ্ধি কৰে আৰু আমাৰ দেশৰ তেজ শোষণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে ৰোগীৰ ৰক্ত হীনতাই দেখা দিয়ে আৰু নানান শাৰীৰিক উপখৰ্গই দেখা দিয়ে।
এই ৰোগাক্ৰান্ত ব্যক্তিয়ে যদি পথাৰত ৰাষ্টাত শৌচ কৰে তেন্তে শৌচৰ লগত ইয়াৰ অসংখ্য জীৱিত কণী বা পেলু থাকে। এনে অৱস্থাত সেই সমূহ ভালে দিনলৈকে জীৱিত থাকে আৰু পুনৰ অন্য মানুহৰ শৰীৰত প্ৰৱেশ কৰি তাৰ বংশ বৃদ্ধি কৰে ।
Hook warms এ যেতিয়া ভৰিৰ তলুৱা ভেদ কৰি শৰীৰত প্ৰৱেশ কৰে তেতিয়া ভৰিৰ তলুৱা কূটকোটাব বা খজুৱাব পাৰে। তেতিয়া কিন্তু পেলু বুলি জানিব পৰা নাযায়। পাছলৈ যেতিয়া ৰক্ত হীনতা আহি পৰে তেতিয়াহে ই ধৰা পৰে।
ইয়াৰ লক্ষণ :--
ৰোগী ৰক্তহীনতা বা anemia ত ভোগে। অলপ দূৰ খোজ কাহিলেই বুকু ধৰফৰাই। ঘনে ঘনে মুখ শুকাই যায়। যিমান ভাল খাদ্য খালেও শৰীৰৰ শ্ৰীবৃদ্ধি নহয়। অথচ দিনে দিনে শুকাইহে যায়। hook worms আমাৰ ভৰিৰ তলুৱাইদি গৈ lymph নলীত উপস্থিত হয়। সেই ঠাইৰ পৰা তেজলৈ আৰু তেজৰ জৰিয়তে হৃদপিণ্ড আৰু হাওঁফাওঁ আৰু বায়ু নলীত প্ৰৱেশ কৰে। ইয়াৰ পাছৰ পৰ্যায়ত অন্ননলী হৈ ক্ষুদ্ৰান্তত উপস্থিত হয়।
ক্ৰমে শৰীৰত তেজ কমি অহাৰ লগে লগে লগেই , গাৰ বৰণ শেঁতা, পৰিপাক শক্তি হ্ৰাস, ক্লান্তি বোধ, ঢেল ঢেলিয়া চকু, পেট হাত ভৰি আদি ফুলি উঠা, অনবৰতে গাত পিৰপিৰুৱা, শিশুৰ ক্ষেত্ৰত পুষ্টিৰ অভাৱ আদি। জিহ্বা প্ৰায় বগা আৰু শকত দেখা যায়।
ৰোগীৰ মল microscopic examination কৰিলে hookworms ৰ ova দেখা পোৱা যায়।
চিকিৎসা বা Treatment :--
ওপৰত উল্লেখ কৰা সকলো বিধ পেলুৰেই উপযুক্ত চিকিৎসা বা ঔষধ উপলব্ধ। মাত্র যথা সময়ত অভিজ্ঞ চিকিৎসকৰ কাষ চাপি যাৱতীয় দিহা পৰামৰ্শ ললেই ভয়ৰ কোনো কাৰণ নাই।
আনুসংগিক ব্যৱস্থা :--
আমাৰ খাদ্যভ্যাস আৰু পৰিষ্কাৰ পৰিচন্নতাৰ জড়িয়তে ইয়াক আমি ভালে খিনি আঁতৰাই ৰাখিব পাৰো।
আজিৰ পৰা কিছু দিনৰ আগলৈকে আমাৰ গাওঁ সমূহত, বছেৰেকত কমেও এবাৰ (তিতা শুকুটা) খোৱাটো প্ৰায় নিয়মেই আছিল। কিন্তু আজিকালি বহুতে তিতা শুকুটা নো কি নাজানেই। আধুনিক চিকিৎসা শাস্ত্ৰত ইয়াৰ কোনো নিৰ্দেশনা নাই যদিও তিতা শুকুটাই আমাৰ তেজ শোধন প্ৰণালীত কাম কৰাৰ উপৰিও পেলুৰ বংশ বীৰ্দ্ধি হোৱাত বাধা প্ৰদান কৰে।
######-------######
Read and subscribed it and give your valuable comments
Visit- www.hengdang.blogspot.com
Thank you
ReplyDelete