বহুমূত্ৰ ৰোগ বা Diabetes

বৰ্তমান আমাৰ মাজত বা আমাৰ সমাজত অতি common বা সাধাৰণ হৈ পৰা এই ৰোগত গাঁওৰ পৰা চহৰলৈকে, ধনীৰ পৰা দুখীয়াৰ লৈকে, সকলো লোকেই আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ প্ৰসাৰতা বা অপকাৰীতাৰ বিষয়ে তেনে কোনো বিশেষ সজাগতা শিবিৰৰ বা awareness camp ৰ আয়োজন দেখা পোৱা নাযায়। কদাচিত কোনো সংস্থাই ইয়াৰ আয়োজন কৰিলেও ইয়াৰ প্ৰতি জনসাধাৰণৰ উদাসীনতা হে দেখা পোৱা যায়। এক প্ৰকাৰৰ "পানীৰ তলৰ কাঁইট" সদৃশ এই ৰোগৰ বিষয়ে সম্যক ভাবে কিছু কথা জানি থওঁ চোন আহক।

ইয়াৰ কাৰণ :--
         এই বহুমূত্ৰ ৰোগ বা diabetes সাধাৰণতে দুই প্ৰকাৰৰ হয়। প্ৰথম হল kidney ৰ বাবে হোৱা বহুমূত্ৰ ৰোগ। ইয়াত বাৰে বাৰে বা সঘনাই প্ৰেছাব হয় যদিও সেই প্ৰেছাবত শৰ্কৰা বা চেনী নাথাকে। ইয়াক বোলা হয় Diabetes Insipidus.
           আৰু অন্য ধৰণৰ বহুমূত্ৰ বা মধুমেহ ৰোগ হৈছে অন্য এটা ৰোগ। ইয়াত আমাৰ শৰীৰত শৰ্কৰা জাতীয় খাদ্য হজম হৈ যি glucose উৎপাদিত হয়, সেই আমাৰ শৰীৰৰ জীৱনী শক্তি  স্বৰূপ glucose ৰ বেচি ভাগেই আমাৰ দেহত absorb নহৈ প্ৰেছাবৰ লগত বাহিৰ হৈ যায়। ইয়াকেই আমি প্ৰকৃত বহুমূত্ৰ বা Diabetes Mellitus.  ৰোগ বুলি কব পাৰো।
        আমাৰ শৰীৰৰ প্ৰবাহমান তেজত নিৰ্ধাৰিত পৰিমাণে শৰ্কৰা বা glucose থাকে। কিন্তু যেতিয়াই এজন ব্যক্তি এই ৰোগত আক্রান্ত হয় তেতিয়া প্ৰেছাবৰ জৰিয়তে শৰ্কৰাৰ বেছি ভাগেই শৰীৰৰ বাহিৰলৈ নিৰ্গত হয়। যাৰ ফলশ্ৰুতিত ৰোগী লাহে লাহে দুৰ্বল হৈ পৰে।
        এজন সুষ্ঠ মানুহৰ প্ৰেচাবৰ স্বাভাৱিক specific gravity বা আপেক্ষিক ঘনত্ব হল 1010 to 1020. কিন্তু যেতিয়া কোনো ব্যক্তি এই ৰোগত আক্রান্ত হয় তেতিয়া সেই ব্যক্তিৰ প্ৰেচাবৰ ঘনত্ব বাঢ়ি গৈ 1030 to 1050 বা 1060 to 1070 পৰ্যন্ত হবগৈ পাৰে।
        আমাৰ শৰীৰৰ প্ৰবাহিত তেজতো glucose ৰ মাত্ৰা বৃদ্ধি হয়। glucose শৰীৰত ঠিকমতে শোষিত নহয় বা absorb নহয়। pancreas ত Islets of Langerhans নামৰ এক প্ৰকাৰৰ কোষ আছে। এই বিষয়ে আগতে উল্লেখ কৰি অহা হৈছে। এই কোষ সমূহৰ পৰা insulin  নামৰ ৰস বিধৰ উৎপন্ন হয়। আৰু এই insulin  ৰ দ্বাৰাই আমাৰ দেহত উৎপাদন হোৱা glucose দেহৰ প্ৰতিটো সূক্ষ্ম কুনলৈকে পেড়িত হয়। অথবা absorb হয়। আৰু যেতিয়াই এই কোষ সমূহ কিবা কাৰণত অক্ষম হয় বা কৰ্মক্ষমতা কমি আহে তেতিয়া insulin ৰ নিঃসৰণ কমি আহে। আৰু যাৰ ফলশ্ৰুতিত তেজত glucose ৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে। আৰু ইয়াৰ পৰিণতি যেই হৈছে বহুমূত্ৰ ৰোগ বা Diabetes.
             সাধাৰণতে মধ্যবয়সিয়া, ধোদ বা অলস, বেছি শকত বা চৰ্বিযুক্ত ব্যক্তিক এই ৰোগত বেছি  আক্রান্ত হোৱা পৰিলক্ষিত হয়। যি সকলে শাৰীৰিক শ্ৰম কম বা নকৰেই, কিন্তু মানসিক শ্ৰম বেছি কৰে সেই সকলকো বেছি সংখ্যককে ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা পৰিলক্ষিত হয়। অন্যহাতে উচ্চমধ্যবিত্ত আৰু ধনী শ্ৰেণীৰ ব্যক্তিসকলক বেছি প্ৰভাৱিত কৰে।
      অন্যহাতে বংশগত ভাৱেও এই ৰোগ হব পাৰে। পিতৃ বা মাতৃৰ যদিহে এই ৰোগ থাকে তেন্তে সন্তানৰ ক্ষেত্ৰত মধ্যবয়সত এই ৰোগ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰে।

ইয়াৰ লক্ষণ সমূহ  :--
           এই ৰোগ অতি ধীৰে ধীৰে আৰম্ভ হয়। যেতিয়া প্ৰেছাব ঘন ঘনকৈ হয় আৰু সঘনাই পিয়াহ লাগে তেতিয়াহে এই ৰোগ হৈছে বুলি ভবা হয়। ঘৰতেই যদি Benedict solution, test tube ত লৈ তাতে কেইটোপাল মান প্ৰেছাব দি গৰম কৰি চোৱা যায় তেন্তে সেইখিনি যদিহে হালধীয়া বা ৰঙা বৰণৰ হৈ পৰে তেন্তে বুজিব লাগিব যে প্ৰেচাবত sugar আছে। আৰু ইয়াৰ পৰাই আমি বুজিব লাগিব যে মধুমেহ বা diabetes আৰম্ভ হৈছে।
         ইয়াৰ অন্য লক্ষণ সমূহৰ ভিতৰত, খুব বেছি পিয়াহ লগা, শৰীৰৰ পেশী সমূহ ক্ৰমে ক্ষিণাবলৈ ধৰা, শৰীৰ দুৰ্বল হৈ পৰা। যিমানেই ভাল বস্তু নেখাওক লাগে, শৰীৰৰ শ্ৰীবৃদ্ধি নোহোৱা। ইত্যাদি ইত্যাদি।
         শৰীৰৰ ছাল শুকাই যায়, মূৰৰ চুলি শুকান আৰু পাতল হৈ পৰে। নখ অতি সহজেই ভাগে। ওঁঠ শুকাই যায় আৰু দাঁত ক্ষয় যাবলৈ ধৰে। কোষ্ঠ কাঠিন্য হয় আৰু ৰোগীয়ে মন মাৰি থাকিবলৈ লয়। এই ৰোগত আক্রান্ত ৰোগীৰ দৃষ্টি শক্তি আৰু ৰতি শক্তি হ্ৰাস পাবলৈ ধৰে।
        কিছু কিছুৰ ক্ষেত্ৰত ছালত খজুৱতি, খহু বা ফোঁহা আদি হোৱা পৰিলক্ষিত হয়। ঘাঁ বা ফোঁহা হলে সেই স্থানত gangrene আদিৰ উপখৰ্গই দেখা দিব পাৰে। ৰোগীৰ তেজত যদি acetone বেছি হয় তেন্তে ৰোগী মাজেসময়ে মুৰ্ছিত হৈ পৰিব পাৰে। ইয়াকেই বোলা হয় diabetic coma. এনে অৱস্থা হলে, প্ৰায়ে ৰোগীৰ এনে অৱস্থাতে মৃত্যু হব পাৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰোগী বাছি থাকিলেও যক্ষ্মা আদি ৰোগলৈ পৰিৱৰ্তিত হব পাৰে।
           এই ৰোগৰ কেইটামান বিশেষ উপখৰ্গৰ বিষয়ে উল্লেখ কৰাটো অত্যাৱশ্যকীয়, সেয়েহে সেই সমূহৰ বিষয়ে তলত উল্লেখ কৰা হৈছে--
১.   Diabetic coma বা সংজ্ঞাহীন হৈ পৰা।
২.   Diabetic Retinopathy, চকুৰ ৰেটিনাৰ         ৰোগ।
৩.   Diabetic Nephropathy, কিডনী বা বৃক্কৰ ৰোগ।
৪.   Diabetic Neuropathy, নাৰ্ভ বা শিৰাৰ ৰোগ।
৫.   হৃদপিণ্ডৰ আৰু ধমনীৰ ৰোগ।
৬.   বিভিন্ন ধৰণৰ বীজাণুৰ আক্ৰমণ যেনে ধৰক, যক্ষ্মা, চৰ্ম ৰোগ বা খহু, গাংগ্ৰেন ইত্যাদি।

ইয়াৰ চিকিৎসা বা Treatment :--
    
            Diabetes ৰোগ একেবাৰে নিৰাময় কৰিব পৰা ৰোগ নহয়। কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰি এক সুদীৰ্ঘ আৰু নিৰাপদ জীৱন লাভ কৰিব পৰাটো সম্ভৱ। এই ৰোগত ভোগা ৰোগীয়ে ঔষধ ব্যৱহাৰৰ লগতে মাথোঁ নিজৰ খাদ্যৰ তালিকা খন বিধি অনুযায়ী তৈয়াৰ কৰি ললেই হল। যত শৰ্কৰা জাতীয় আৰু চৰ্বি জাতীয় খাদ্য পৰা পক্ষত এৰাই চলিব লাগিব। আমাৰ অসমীয়াত এষাৰ কথা আছে যে " বাছি খাবা, জাগি শুবা ", এই কথাষাৰি এই ক্ষেত্ৰত ১০০% ই প্ৰযোজ্য।
        ৰোগৰ প্ৰাবল্য অনুযায়ী Insulin বা অন্য ঔষধ পাতি চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে ব্যৱহাৰ কৰা উচিত।
         এই ৰোগত আক্রান্ত ব্যক্তিক আন এটা অত্যাৱশ্যকীয় বস্তু হৈছে প্ৰটিন। গতিকে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত খাদ্যত যাতে ই উপযুক্ত ভাবে থাকে তাৰ প্ৰতি বিশেষ চকু ৰখাৰ দৰকাৰ।

অনুষঙ্গিক ব্যৱস্থাৰ ভিতৰত অত্যাৱশ্যকীয় হল, প্ৰেছাব আৰু তেজ পৰীক্ষা। প্ৰথম অৱস্থাত দিনে কমেও এবাৰ প্ৰেছাব আৰু তেজ পৰীক্ষাৰ ব্যবস্থা কৰিব লাগে।

                 ----------------**---------------

লিখনিটি পঢ়ি কেনে পালে, আপোনাৰ বহুমূলীয়া মতামত comment box দিবলৈ নাপাহৰে যেন। সবিশেষ জানিবৰ বাবে subscribed কৰক www.hengdang.blogspot.com

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms