মূৰ বিষ বা Headache
ইয়াৰ কাৰণ :--
মূৰৰ বিষ যদিওবা এটি সাধাৰণ ৰোগ বা ক্ষণিক যন্ত্ৰণা বুলি বুলি ভবা হয়, প্ৰকৃততে কিন্তু তেনে নহয়। প্ৰকৃতাৰ্থত কবলৈ গলে মূৰৰ বিষ বা headache বুলি নিৰ্দিষ্ট তেনে কোনো ৰোগ নাই। আমাৰ সম্পূৰ্ণ শৰীৰ আৰু মনক নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ মূৰৰ ভিতৰত থকা মগজু বা Brain সৈতে সম্পূৰ্ণ শৰীৰৰ প্ৰতিটো অংগৰ নিবিড় সম্পৰ্ক বা যুগসূত্ৰ আছে। আৰু সেই সমূহৰ বিশেষ শ্ৰুতি-বিশ্ৰুতি ঘটিলে মগজুৰ ভিতৰত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সিয়েই হৈছে আমাৰ মূৰৰ বিষ বা headache. সেই কাৰণ সমূহৰ ভিতৰত কিছুমান হয়তো সাধাৰণ কিন্তু তাৰে ভিতৰত কিছুমান বিশেষ ধৰণৰ কাৰণ অতি মাৰাত্মক আৰু ভয়াবহ। গতিকে মূৰৰ বিষ হলে, তাক সিমান পাতলকৈ লোৱাটো অনুচিত। এই মূৰ বিষৰ কেইটামান মূল কাৰণ নো কি কি, জানি থওঁ চোন আহক।
১. মগজু বা মস্তিষ্কত তেজৰ মাত্ৰাধিক্য, বা Cerebral Congestion. হোৱাৰ বাবে।
২. চৰ্দি বা পানী লগা হলে, নাকৰ ভিতৰত থকা Sinus গন্থীৰ সংক্ৰমণৰ কাৰণে।
৩. চকুৰ ৰোগ বা দৃষ্টি শক্তিৰ খেলিমেলিৰ বাবে।
৪. দাঁত, কাণ, বা দাঁতৰ আলুৰ ৰোগৰ বাবেও মূৰৰ বিষ হয়।
৫. মূৰৰ ভিতৰত বীজাণুৰ সংক্ৰমণ বা ফোঁহা বা Tumar আদিৰ বাবেও মূৰৰ বিষ হব পাৰে।
৬. আমাৰ মূৰৰ স্নায়ু Trigeminal Nerve আদিৰ আঘাত বা সংক্ৰমণ বাবে।
৭. অতিৰিক্ত তেজৰ চাপ বা high blood pressure হোৱাৰ বাবে।
৮. পাকস্থলীৰ ৰোগ যেনে, Acidity, Peptic Ulcers, Indigestion আদিৰ বাবেও মূৰৰ বিষ বা মূৰ ঘুৰণি হব পাৰে।
৯. লিভাৰৰ খেলিমেলি, বা পাইখানা খেলিমেলিৰ বাবেও মূৰৰ বিষ হব পাৰে।
১০. নাৰী বা মহিলাৰ ক্ষেত্ৰত জৰায়ুৰ ৰোগৰ বাবে সঘনাই মূৰ বিষ বা মূৰ ঘুৰণি হয়।
১১. মানসিক অস্থিৰতা বা অত্যাধিক মদ্যপানৰ বাবেও মূৰৰ বিষ হব পাৰে।
ইয়াৰ লক্ষণ সমূহ :--
মূৰৰ ভিতৰত অতিপাত বিষ বা যন্ত্ৰণা হয়। মূৰৰ বিষৰ বাবে মুখমণ্ডল ৰঙা বৰণৰ হৈ উঠিব পাৰে। কিছু কিছু ক্ষেত্ৰত ৰোগী জন যেতিয়া অতিষ্ঠ হৈ পৰে, তেনে অৱস্থাত মূৰ বেৰত যুঁজাই দিয়াৰ চেষ্টা কৰা দেখা পোৱা যায়।
ইয়াৰ চিকিৎসা বা Treatment :--
পাৰথমিক পৰ্যায়ত বিষ নিবাৰক ঔষধ ব্যৱহাৰৰ দ্বাৰা বিষ কমোৱাৰ চেষ্টা কৰিব লাগে। ( চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে). ই এই ৰোগৰ প্ৰকৃত চিকিৎসা নহয় যদিও সাময়িক ভাৱে মূৰৰ বিষ কমাই ৰাখিব পাৰে। এই মূৰ বিষৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণ কৰাটোহে প্রথম কৰ্তব্য। ওপৰত উল্লেখিত কাৰণ সমূহৰ ভিতৰত কি কাৰণত এই মূৰ বিষ হৈছে তাক নিৰ্ধাৰণ কৰি উপযুক্ত চিকিৎসা ব্যৱস্থা লোৱাটো অতীব প্ৰয়োজন। অন্যথা হকে বিহকে মূৰ বিষৰ টেবলেট বা ঔষধ খাই থাকিলে কেতিয়াবা কেৰেলাতকৈ গুটি দীঘল হোৱাৰ সম্ভাৱনা থাকে। সদায় মনত ৰখা উচিত যে "self medication is the death line" বা " self medication can be kiss of death".
ৰোগ নিৰ্ধাৰণ বা diagnosis হোৱাৰ পাছত অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে চিকিৎসা আগবঢ়াব।
অনুষঙ্গিক ব্যৱস্থা সমূহৰ ভিতৰত এনে ৰোগীৰ ক্ষেত্ৰত ভাল টোপনি বৰ দৰকাৰ। গতিকে ৰোগীক ভালকৈ শোৱাৰ ব্যৱস্থা কৰি দিব লাগে। শুবলৈ যোৱাৰ আগ মুহূৰ্তত ঠাণ্ডা পানীৰে মূৰ ধুৱাই দিলে ভাল ফল পোৱা যায়।
--------------------------****--------------------------
লিখনিটি পঢ়ি আপোনাৰ বহুমূলীয়া মতামত, comment box দিবলৈ নাপাহৰে যেন। সবিশেষ জানিবলৈ www.hengdang.blohspot.com লৈ যাওক আৰু ইয়াক subscribed কৰক।
সুন্দৰ কাৰ্য সূচী। ৰাইজ উপকৃত হব।
ReplyDelete'মাইগ্ৰেইন' বুলি যে এবিধ মূৰৰ বিষ আছে, তাৰ বিষয়ে কোৱা নহল।