Hoarseness বা মাত ভগা
ইয়াৰ কাৰণ :--
ঠাণ্ডা লগা, পানীলগা, স্বৰ যন্ত্ৰত বীজাণুৰ সংক্ৰমণ হলে স্বৰ ভংগ বা মাত ভাগে। ইয়াৰোপৰি হিষ্টিৰীয়া, বৰকৈ চিঞৰা, অত্যাধিক গান গোৱা বা বক্তৃতা দিয়া ডিঙিত আঘাত লগা আদি কাৰণটো মাত ভাগিব পাৰে। অস্ফুট ধ্বনি, ৰুক্ষ বা কৰ্কশ স্বৰ, ডিঙিত কেউৎ কেউৎ কৰা, আৰু ডিঙি শুকাই যোৱা, শুকান কাঁহ, শ্বাস কষ্ট আদি এই ৰোগৰ প্ৰধান উপখৰ্গ। nerves ৰ পক্ষাঘাতৰ কাৰণেও ই হব পাৰে।
ইয়াৰ লক্ষণ :--
ডিঙিত ভয়ংকৰ ভাবে জ্বলন হয়। মাত বাহিৰ হব নোখোজে। প্ৰায়েই কাঁহ, বুকুৰ জ্বলন, দুৰ্গন্ধ যুক্ত শ্লেমা বা খেকাৰ বাহিৰ হয়। ৰাতিপুৱা আৰু গধুলি পৰত এই মাত ভগা বেছি হোৱা পৰিলক্ষিত হয়। ডিঙিত প্ৰায়ে ঘৰ-,ঘৰণি শব্দ হয়। ব্ৰংকাইটিছ শ্বাস কষ্ট আদিও থাকে। ইয়াৰ লগতে কুষ্ঠ কাঠিন্য, মুখ ৰঙা পৰা আদি থাকে।
চিকিৎসা বা Treatment :--
অনতিপলমে এজন অভিজ্ঞ ENT Specialist দ্বাৰা চিকিৎসা আগবঢ়ালে ভাল।
অনুষঙ্গিক ব্যৱস্থা :--
উগ্ৰ প্ৰদাহ বা মাত ভগা বেছি হলে কথা কোৱা বা পতা একেবাৰে বন্ধ ৰখা উচিত। নিমখ বা পাতল চাহ মিশ্ৰিত গৰম পানীত কুলকুলি বা gargle কৰিলে ভাল ফল পোৱা যায়।
######------######
Excellent.
ReplyDelete