জলাতংক বা Hydrophobia বা Rabies

ইয়াৰ কাৰণ :--
        বলিয়া কুকুৰ বা শিয়ালে কামুৰিলে অথবা ঘাঁ বা ক্ষত স্থানত চেলেকিলে এই ৰোগ হয়। অন্য হাতে মেকুৰীয়ে, বান্দৰে কামুৰিলে বা আঁচুৰিলে, এন্দুৰ, নিগনি, ডালহলীয়া, চিকা আদিয়ে কামুৰিলেও এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
        বলিয়া কুকুৰ বা শিয়ালৰ লালতিত বা লেলাৱতিত, rabies virus থাকে। এই virus শৰীৰত প্ৰৱেশ কৰাৰ কিছুদিনৰ পাছতহে এই ৰোগ আৰম্ভ হয়। কামোৰা মাত্ৰেই বা লগে লগেই এই ৰোগ নহয়। মানুহৰ শৰীৰৰ ক্ষমতা, বা immunity power, বয়স ইত্যাদি বহু কেইটা কাৰণত কম বা বেছি দিনৰ তাৰতম্য নিৰ্ভৰ কৰে।
সাধাৰণতে কামোৰাৰ ১০/১৫ দিনৰ পৰা ৬ মাহৰ ভিতৰত এই ৰোগে দেখা দিব পাৰে। ডাঠ কাপোৰ বা পেন্ট আদিৰ ওপৰত কামুৰিলে যদিহে ছালত ঘাঁ নহয় বা তেজ নোলায় তেন্তে এই rabies virus শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে।

ইয়াৰ লক্ষণ :--
         সাধাৰণতে এই ৰোগৰ বীজাণু বা virus শৰীৰত প্ৰৱেশ কৰাৰ পাছত একৰ পৰা দুই মাহৰ ভিতৰত ইয়াৰ লক্ষণ সমূহ প্ৰকাশ পোৱা দেখা পোৱা যায়। প্ৰথমে কামোৰা ঠাইত সামান্য বিষ বা খজুঅতি হব পাৰে। ক্ৰমে ৰোগীৰ মনৰ অস্থিৰতা আৰু অস্বাভাৱিক আচৰণ, ৰাতি টোপনি আহিলেই ভয়ানক স্বপ্ন দেখা আদি উপখৰ্গই দেখা দিবলৈ ধৰে। ডিঙিৰ পেশী সমূহৰ সংকোচন হবলৈ ধৰে, বেছি বা উজ্জ্বল পোহৰ সহ্য কৰিব নোৱাৰে। নিৰ্জন আৰু অন্ধকাৰ ঠাইত থাকিবলৈ ইচ্ছা কৰে। প্ৰধানকৈ পনিয়া বস্তু বা পানী খাবলৈ মন নকৰে বা ভয় কৰে। পানী বা পনিয়া বস্তু দেখিলেই যদি মুখ ঘূৰাই লয় বা ভয় খাই বা চিঞৰি উঠে তেন্তে বুজিব লাগিব যে ই জলাতংক ৰোগ। এই ৰোগ বৰ ভয়ানক। এই ৰোগত এবাৰ যদিহে প্ৰতীত হয় তেন্তে মৃত্যু নিশ্চিত। ইয়াৰ কোনো বিকল্প নাই। এই ৰোগত আক্রান্ত ৰোগীৰ শৰীৰ আৰু মনৰ তালমিল নোহোৱাৰ দৰে হয়। কেতিয়াবা বলিয়াৰ দৰে চিঞৰি মুখ মেলি কামোৰিবলৈ খেদি যায় আৰু কেতিয়াবা বেৰত বা মাটিত মূৰ ঠেকেছে।
       এই ৰোগত আক্ৰান্ত ৰোগীৰ লালটিত rabies virus থাকে, গতিকে ৰোগীয়ে কামুৰিলে এই ৰোগ হোৱাৰ সম্ভাৱনা প্ৰৱল ভাবে থাকে। অন্যহাতে ঘৰৰ পোহনীয়া কুকুৰ বা মেকুৰীযে কামুৰিলেও এই ৰোগ হোৱাৰ সম্ভাৱনা নথকা নহয়।
          আগতেই উল্লেখ কৰি অহা হৈছে যে এই ৰোগ যদি কেনেবাকৈ আৰম্ভ হয় তেন্তে ৰোগীৰ মৃত্যু অনিবাৰ্য। ইয়াৰ কোনো specific treatment নাই।

ইয়াৰ চিকিৎসা বা Treatment:--
        অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰামৰ্শ লৈ ৰোগীৰ চিকিৎসা আগবঢ়াব।

ইয়াৰ প্ৰতিৰোধ বা প্ৰতিষেধক:--
        প্রকৃততে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই মাত্ৰ উপায়, সেইটো হৈছে ইয়াক প্ৰতিৰোধ কৰা আৰু প্ৰতিষেধক ব্যৱস্থা লোৱা। আগৰ দিনৰ কথা নকলোৱেইবা, আজি কালি কিন্তু এই ৰোগৰ প্ৰতিষেধক ব্যৱস্থা অতি সহজ বুলিয়ে কব পৰা যায়। যিহেতু  আজি কালি এই এন্টি ৰেবিছ ভেকচিন অন্য সাধাৰণ ইঞ্জেকচন লোৱাৰ দৰেই লব পাৰি I M. মাত্ৰ কোনো এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে এই injection বা vaccine লোৱা উচিত।
         আমি সাধাৰণতে দুটা পয্যায়ত এই প্ৰতিষেধক লব পাৰো, সেই দুটা হৈছে ক্ৰমে POST EXPOSURE আৰু PRE EXPOSURE. জানি থওঁচোন আহক কিনো এই পোষ্ট এক্সপ্ৰজাৰ আৰু প্ৰি এক্সপজাৰ।
Post Exposure--
       যেতিয়া কোনো ব্যক্তিক কোনো জন্তুযে কামুৰে বা আঁচোৰে, বা তেনে ৰোগীৰ সংস্পৰ্শলৈ আহে, যি ক্ষেত্ৰত আমি rabis virus ৰ সংস্পৰ্শলৈ অহাটো প্ৰায় খাটাং, এনে অৱস্থাত যি injection বা vaccine course লোৱা হয় তাকেই কোৱা হয়  POST EXPOSURE. যত তিনি চাৰি সপ্তাহৰ ভিতৰত মুঠ চাৰিটা বা পাঁচটা vaccine দিয়া হয়। যেনে- 0, 3, 7, 14 আৰু 28 day ত।

PRE EXPOSURE
           যিসকল ব্যক্তিয়ে কুকুৰ বা মেকুৰী পালন কৰে বা অন্য জীৱ জন্তুৰ লগত জড়িত থাকে বা একো তেনে নহলেও আমি আগতীয়াকৈ ইয়াৰ vaccine  লৈ ইয়াৰ প্ৰতিষেধক immunity গঢ়িব বিচাৰো তাকেই কোৱা হয় প্ৰি এক্সপজাৰ। এই ইঞ্জেকচন ও তিনি চাৰি সপ্তাহৰ ভিতৰত মুঠ তিনিটা প্ৰদান কৰা হয়। যেনে- 0, 7 and 21 বা 28 days ত।

                ########--#######

Please make your valuable comments on comment box and visit www.hengdang.blogspot.com and subscribed it.

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms