স্নায়ু দুর্বল্য বা Neurasthenia
স্নায়ুজনিত দুৰ্বলতাৰ পৰা এই ৰোগৰ আৰম্ভণি হয়। ইনো কিয় বা কেনেকৈ হয় জানোচোন আহক।
অতি বেছি শাৰিৰীক বা মানসিক শ্ৰম কৰিলে, আমাৰ শৰীৰৰ ওপৰত অনাচাৰ হলে, অত্যাধিক মদ্যপান কৰিলে, পিতৃ মাতৃৰ যদি এই ৰোগ থাকে বা দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ ৰোগত আক্রান্ত হৈ থকা ইত্যাদি বহু কাৰণত এই ৰোগ হব পাৰে। অন্য হাতে উপযুক্ত খাদ্যৰ অভাৱ আৰু অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা বা কাম কৰাতো ও ইয়াৰ মূল কাৰণ বুলি গণ্য কৰা হয়।
ইয়াৰ লক্ষণ সমূহ :--
যি কোনো এটা বিষয়তে মনোনিবেশ কৰাৰ অক্ষমতা, শাৰীৰিক আৰু মানসিক ভাৱে একেবাৰে অৱশ অনুভৱ কৰা, টোপনি নধৰা, মূৰঘুৰনী আৰু মূৰৰ বিষ, অলপতেই বুকু ধৰফৰুৱা, দৃষ্টি শক্তি আৰু শ্ৰৱণ শক্তি হ্ৰাস পোৱা, পেট উসহা, খাবলৈ ইচ্ছা নোহোৱা বা আভুক, খালেও হজম নোহোৱা, গা হাত ভৰি আদিৰ অনবৰতে ৰিমঝিম কৰি থকা, স্মৃতি শক্তি হ্ৰাস বা লোপ পোৱা, ইত্যাদি বিলাকেই হৈছে এই ৰোগৰ প্ৰধান লক্ষণ। এই ৰোগ যেতিয়া ক্ৰমে বৃদ্ধি পায় তেতিয়া আমাৰ শৰীৰৰ কিছু স্নায়ু হয়তো ফুলি উঠি বিষ অনুভৱ হব পাৰে। কেতিয়াবা পিঠিত, কেতিয়াবা কঁকালত, আৰু কেতিয়াবা হাত ভৰি আদিত অকাৰণে বিষ উঠিব পাৰে। এই ৰোগৰ আক্ৰমণ কেতিয়াবা অতি লাহে লাহে আৰু কেতিয়াবা অতি খৰ হোৱা দেখা পোৱা যায়। আক্ৰান্ত অংশত স্নায়ু টিপি চালে বিষ অনুভৱ হয়, সেই স্নায়ুত ঠাণ্ডা লগালেও বিষ আৰু ইয়াৰ বৃদ্ধি পায়। আমাৰ শৰীৰৰ স্নায়ু সমূহ প্ৰায়ে বিভিন্ন ধৰণৰ ৰোগত আক্রান্ত হয় আৰু ইয়াত বিভিন্ন লক্ষণে দেখা দিয়ে।
ইয়াৰ চিকিৎসা :--
এই ৰোগৰ পাৰথমিক পৰ্যায়তেই সু চিকিৎসাৰ অতি প্ৰয়োজন, এই ৰোগ যদি কেনেবাকৈ পুৰণি হয় তেন্তে ই প্ৰায় দুৰাৰোগ্য ৰোগলৈ পৰিৱৰ্তন হয়। সেয়েহে এই ৰোগৰ উমান পোৱা মাত্ৰে এজন অভিজ্ঞ চিকিৎসকৰ কাষ চপা বাঞ্ছনীয়।
অনুষঙ্গিক ব্যৱস্থা :---
অনুষঙ্গিক ব্যৱস্থা সমূহৰ ভিতৰত ৰোগীক সম্পূৰ্ণ bed rest ৰ ব্যৱস্থা কৰিব লাগে, খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে, ইয়াৰোপৰি এজন অভিজ্ঞ physiotherapist ৰ দ্বাৰা স্নায়ু সমূহত মালিছৰ ব্যৱস্থা কৰিব পাৰিলে ভাল।
------------------**----------------
Comments
Post a Comment