পক্ষাঘাত বা পেৰেলাইছিদ paralysis

ইয়াৰ কাৰণ :--
         আমাৰ শৰীৰৰ কোনো অংগ বা অংশ যেতিয়া অনুভূতিহীন হয় বা হাৰহুৰ নাইকিয়া হয় বা গতিহীন হৈ পৰে তাকে পক্ষাঘাত বা paralysis বুলি গণ্য কৰা হয়।
          বেছি ৰক্তচাপ, মস্তিষ্কত ৰক্তক্ষৰণ, বা thrombosis, অত্যাধিক ব্যায়াম, ওখ ঠাইৰ পৰা সৰি পৰা, বীজাণুৰ আক্ৰমণ, আদি নানা কাৰণত ই হব পাৰে। স্নায়ুবিলাকত আঘাট লাগিলে বা কোনোবা স্নায়ু ফাটি গলেও এই ব্যাধি হব পাৰে।

ইয়াৰ লক্ষণ আৰু প্ৰকাৰভেদ :--

১.   সৰ্বাঙ্গীন পক্ষাঘাত:--
        ৰোগীৰ সম্পূৰ্ণ শৰীৰত পক্ষাঘাত হয়। বিশেষকৈ যি সকল শাৰীৰিক ভাবে নিঃসকতিয়া লোক, সেই সকলৰ সৰ্বাঙ্গীন পক্ষাঘাত বেছি হোৱা দেখা যায়। প্ৰায়ে স্নায়ৱিক দুর্বলতাত ভোগা ৰোগীৰ ক্ষেত্ৰত ই বেছি প্ৰভাৱ পেলায়।

২.   অধাঙ্গৰ পক্ষাঘাত :--
          শৰীৰৰ নিম্নাংশ বা আধা অংশত পক্ষাঘাত হয়, বিশেষকৈ মস্তিষ্কৰ ৰোগৰ বাবেই ই হয় বা  হোৱাৰ সম্ভাৱনা বেছি।

৩.   মুখমণ্ডলৰ পক্ষাঘাত বা facial paralysis :--
        সাধাৰণতে এই ধৰণৰ পক্ষাঘাত ৰোগী গৰাকীৰ মুখ মণ্ডল, নাক, চকু আদিত হোৱা পৰিলক্ষিত হয়। ৰোগীৰ চকু মুখৰ সজীৱতা হেৰাই যায়। এই ৰুগো মস্তিষ্কৰ ৰোগৰ কাৰণেই হয় বুলি কব পাৰি।

৪.   ৰাজহাড়ৰৰ ক্ষয়জনিত পক্ষাঘাত :--
       আমাৰ ৰাজ ৰাজহাড় বা Beck bone ৰ ভিতৰত bone marrow বুলি যি পদাৰ্থ আছে, সেই সমূহৰ বিকাৰ বা সেই সমূহ ক্ষয় হোৱাৰ বাবে আমাৰ ৰাজহাড়ৰৰ বা মেৰুদণ্ডৰ পক্ষাঘাত হব পাৰে।

৫.   শিশুৰ পক্ষাঘাত :--
        Infentaile paralysis, কম বয়সৰ শিশুৰ এই ৰোগ বেছি হোৱা দেখা যায়। ইয়াৰ ভিতৰত প্ৰসৱ কালত হোৱা আঘাত, বা জন্মজাত কাৰণ, ইত্যাদি বহু কাৰণত ই হব পাৰে।
            এই সকলো ধৰণৰ পক্ষাঘাতৰ লগতে কোষ্ঠ কাঠিন্য, খাদ্য গ্ৰহণত অক্ষমতা, দুৰ্বলতা, লৰচৰ কৰাত অসুবিধা, আদি নানান উপখৰ্গই দেখা দিব পাৰে।
             এই ৰোগ পুৰণি হলে বা অতি বেছি ভাবে হলে সম্পূৰ্ণ আৰোগ্যৰ আশা বৰ কম থাকে। সেয়েহে ইয়াৰ চিকিৎসা আৰম্ভণিতে বা পাৰথমিক পয্যায়তে কৰাটো উচিত। পৰাপক্ষত পাৰথমিক পয্যায়তে স্নায়ুমণ্ডলৰ উপযুক্ত চিকিৎসা কৰাব লাগে।

ইয়াৰ চিকিৎসা বা Treatment :--

       অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসা পদ্ধতি অৱলম্বন কৰিলে সুফল পাব।

অনুষঙ্গিক ব্যৱস্থা :--
         কম পৰিমাণে পাতল শাৰীৰিক ব্যায়াম কৰোৱাৰ চেষ্টা কৰিব লাগে। তেনে কৰিলে ৰোগাক্ৰান্ত স্থান ক্ৰমে সবল হবলৈ ধৰে। ৰোগাক্ৰান্ত স্থানৰ বা অংশৰ জঠৰতা ক্ৰমে কমিবলৈ ধৰে। পক্ষাঘাত হোৱা অংশত গৰম পানীৰ সেক দিলেও বহুখিনি উপকাৰ পোৱা যায়। ৰোগীৰ খাদ্যৰ তালিকাত মাছ, মাংস, কণী গাখীৰ আদি ভাল ভাল বস্তুৰ যোগান ধৰিব পাৰিলে ভাল।

              ----------------**----------------

      

Comments

Popular posts from this blog

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

তেজ বমি বা haematemesis

কৃমি ৰোগ বা Worms