ধনুষ্টঙ্কাৰ বা Tetanus
ইয়াৰ কাৰণ :--
Bacillus Tetany নামৰ এক বিশেষ জাতীয় বীজাণুৰ পৰা এই ৰোগ হয়।
সাধাৰণতে ৰাস্তাত কোনো দুৰ্ঘটনা হলে, বা মামৰে ধৰা লৌহা, তাঁৰ, কাঁচ আদিৰ দ্বাৰা আঘাট প্ৰাপ্ত হৈ তেজ ওলালে, এই ৰোগ হোৱাৰ সম্ভাৱনা বা ভয় থাকে। ঘোঁৰা বন্ধা ঠাইত, গৰু / ছাগলী বন্ধা ঘৰ বা গোহালিত বা বাগিচাত কাম কৰোতে আঘাট লাগি তেজ ওলালে আৰু মাছৰ কাঁইট আদিয়ে বিন্ধিলেও ইয়াৰ সম্ভাৱনা থাকে। এনেবোৰ কাৰণতে এই বীজাণুৰ সংক্ৰমণ তেজৰ সৈতে মিহলি হৈ এই ৰোগৰ সৃষ্টি কৰে।তেজত প্ৰবেশ কৰাৰ পিছত এই বীজাণুৱে এক বিশেষ ধৰণৰ পদাৰ্থৰ সৃষ্টি কৰে যাক আমি Toxin বুলি কওঁ। আৰু এই toxins যেতিয়া গোটেই শৰীৰত বিয়পি পৰে তেতিয়াই এই ৰোগৰ লক্ষণ প্ৰকাশ পোৱা দেখা যায়।
ইয়াৰ লক্ষণ সমূহ :--
এই ৰোগ অতি ভয়ানক বা সাংঘাতিক। গতিকে এই ৰোগ হৈছে বুলি গম পোৱা মাত্ৰেই তৎকালীন ভাবে ৰোগীক চিৎসাললৈ নি শুচিকিত্সাৰ ব্যৱস্থা কৰিব লাগে।
দাঁত কামুৰি ধৰা বা চেপি ধৰা হৈছে এই ৰোগৰ পাৰথমিক লক্ষণ। মুখ খুলিবৰ বাবে বা খোলোৱাবলৈ বৰ কষ্ট হয়।ডিঙিত বিষ হয়, একো বস্তু গিলিব নোৱাৰে। শৰীৰৰ পেশী সমূহৰ বিষ হয়। ইয়াৰ পিছত প্ৰবল ভাবে হিৰামুৰী ধৰা, উশাহ নিশাহত কষ্ট হয়। ক্ৰমে ৰোগীৰ শৰীৰ ধনুৰ দৰে বেকা হৈ যাবলৈ ধৰে। কোনো কোনো ৰোগীৰ পাছৰ ফালে আৰু কোনো কোনোৰ আগফালে বা সন্মুখৰ ফালে বেকা হৈ যায়। ৰোগীৰ শৰীৰ কেতিয়াবা অত্যাধিক বেকা হৈ যোৱাৰ ফলত শৰীৰৰ পেশী ছিগাৰ বা হাড় ভগাৰ ভয় থাকে। বা ভাগিবও পাৰে। ৰোগীৰ চকু থৰ হয় আৰু একেথৰে চাই থাকে। চকুৰ ভ্ৰ দুটি ওপৰলৈ উঠি যায়। কেতিয়াবা কোনো ৰোগীয়ে ভয়ংকৰ ভাবে দাঁত উলিয়াই থাকিব পাৰে। সম্পূৰ্ণ শৰীৰত ঘাম বৈ থাকে। প্ৰেছাব কমি যায়।
মেনিনজাইটিছ ৰোগত যেনেকৈ প্ৰথম অৱস্থাৰ পৰাই জ্বৰ থাকে, ইয়াত কিন্তু জ্বৰ নাথাকে। অথচ পৰিনাম অৱস্থা বা শেষ অৱস্থাত জ্বৰ হয় আৰু এই জ্বৰ অতি মাত্ৰাত বাঢ়ি যায়। শেষ অৱস্থাত প্রচণ্ড ভাবে বা অতি বেছি জ্বৰ হয়। এই ৰোগত আক্রান্ত ৰোগীযে কিন্তু একো কব নোৱাৰিলেও বোধ শক্তি লোপ নাপায়। সেয়েহে ৰোগীয়ে মৃত্যু পৰ্যন্ত সাংঘাতিক ভাবে যন্ত্ৰণা ভোগ কৰিব লগাত পৰে।
ইয়াৰ চিকিৎসা বা Treatment --
ৰোগীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়া অত্যাৱশ্যকীয়। অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে চিকিৎসা কৰোৱা উচিত।
ইয়াৰ প্ৰতিষেধক ব্যৱস্থা--
আগৰ দিনত কোনো দুৰ্ঘটনা আদিত প্ৰতীত হোৱা ব্যক্তিক ATS injection দিয়া হৈছিল after skin test. কিন্তু আজিকালি Tetanus toxoid দিয়া হয় যাৰ কোনো পাৰ্চক্ৰিয়া বা reaction নাই। আৰু ই সহজলভ্য। প্ৰতি ছয় সপ্তাহৰ মূৰে মূৰে তিনিটা T.T. In, ললে ইয়াৰ প্ৰতিষেধক ক্ৰিয়াৰ ফল পোৱা যায়।
অনুষঙ্গিক ব্যৱস্থা :--
নিস্তব্ধ আৰু অলপ অন্ধকাৰ কোঠাত, কিন্তু মুক্ত বাওঁ চলা চল হোৱা ঘৰত ৰোগীক ৰখাৰ ব্যৱস্থা কৰিব লাগে। বাহিৰৰ শব্দ বা হুলস্থুল যাতে ৰোগীৰ কাণত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আৱশ্যক হলে ৰোগীৰ কাণত ear plugs বা তোলা দিব পাৰে।ৰোগীৰ মেৰুদণ্ডৰ ওপৰত ice bag ৰাখিব পাৰে। ৰোগীৰ ঘাঁ সমূহ ভালকৈ চাফা চিকুণ কৰি antiseptic বা antibiotics ointment দি ভালকৈ dressing কৰি থব লাগে। ৰোগীয়ে নিজে একো খাব নোৱাৰিলে nasal feeding ৰ ব্যৱস্থা কৰিব লাগে।
#######----######
Comments
Post a Comment