ইয়াৰ কাৰণ :-- সাধাৰণতে পাকস্থলীত ক্ষত ৰোগত বেছি দিন ধৰি ভুগিলে বা পাকস্থলীৰ কেন্সাৰ ৰোগ হলে তাৰ পৰা তেজ বমি বা haematemesis হব পাৰে। হাওঁফাওঁৰ পৰা যি ৰক্তপাত হয় বা কাঁহৰ সৈতে তেজ বাহিৰ হৈ আহে, ( haemoptysis ) তাৰ লগত ই সম্পূৰ্ণ ভিন্ন বা বেলেগ ধৰণৰ ৰোগ। পাকস্থলীৰ ক্ষতৰ উপৰিও যকৃতত ৰক্তধিক্য, duodenum ৰ ক্ষত, অতিৰিক্ত ধমণিৰ চাপ, কলা জ্বৰ প্ৰভৃতি নানা কাৰণত ই হব পাৰে। তথাপি যি কাৰণতে ই নহওক লাগে লগে লগেই চিকিসকৰ পৰামৰ্শ লোৱাতো অতি আৱশ্যক। ইয়াৰ লক্ষণ :-- ১. মুখ, নাক আদিয়েদি আৰু বমিৰ লগত তেজ বাহিৰ হয়। ২. অনবৰতে বমি বা বমি বমি ভাব থাকে। ৩. বেছি অনিয়ম হলে তেজ বমি বেছি হয় আৰু নিয়ম অনুসৰি চলিলে ই কমি থাকে। ৪. তেজ বমিৰ আগতে বা আগমূহুতত পেটৰ বিষ বা পেট গধুৰ গধুৰ ভাব হয়। ৫. অজিন্নতা, অনবৰতে মুখত নিমখীয়া নিমখীয়া লগা, দুৰ্বল নাড়ী, দীৰ্ঘনিশ্বাস, অৱকসন্নতা, মূৰ ৰিমজিম কৰা আদি লক্ষণ ও থাকে। অধিক বা প্ৰচুৰ পৰিমাণে তেজ বমি হলে ৰোগী collapse হৈ মৃত্যু ও হব পাৰে। ৬. বমিৰ লগত ৰক্তস্ৰাৱ বা তেজ ওলোৱাতো চব ...