ইয়াৰ কাৰণ :-- বহু প্ৰকাৰৰ বীজাণুৰ দ্বাৰা আমাৰ স্বৰ যন্ত্ৰ বা Larynx সক্ৰমিত হব পাৰে। আৰু যেতিয়াই ই সক্ৰমিত হয় তাকেই আমি LARYNGITIS বুলি কওঁ। সক্ৰমনৰ বাবে স্বৰ যন্ত্ৰৰ শ্লিমিক ঝিলি সমূহ ফুলি উঠে চটাছতে খেকাৰৰ দৰে বস্তু বাহিৰ হয়। ডিঙিত অনবৰতে পিৰপিৰণি বা জ্বলন থাকিব পাৰে। সাধাৰণতে ঠাণ্ডা লগা, অকস্মাৎ বৰষুণত তিতা, বেচিকৈ চিঞৰা বা বক্তৃতা দিয়া, টেঁটু ফালি গান গোৱা, অধিক ঠাণ্ডা জেগাত বেছি সময় কাম কৰা, ডিঙিত দূষিত বায়ু, ধোঁৱা বা ধূলি সোমোৱা, হঠাতে ঋতু পৰিৱৰ্তনৰ কাৰণেও এনে ৰোগ হোৱা দেখা পোৱা যায়। ইয়াৰ লক্ষণ :-- পানী লগা, জ্বৰ, কাঁহ, মাত ভগা, ডিঙি অনবৰতে সুৰহুৰুৱা বা পিৰপিৰুৱা আৰু লগতে শুকান কাঁহ, আদিয়ে হল এই ৰোগৰ মূল লক্ষণ। ইয়াৰোপৰি জ্বৰ আৰু খাবলৈ ইচ্ছা নোহোৱা আৰু বমি বমি ভাব, ঘন ঘন শুকান কাঁহ, শ্বাস কষ্ট আদি লক্ষণ ও প্ৰকাশ পোৱা দেখা যায়। ৰোগীৰ মুখ মণ্ডল ৰঙা পৰে আৰু লগতে ডিঙিৰ বিষ আৰু চকুযুৰি ও ৰঙা পৰা দেখা পোৱা যায়। চিকিৎসা বা Treatment :-- অভিজ্ঞ চিকিৎসকৰ দ্...