Posts

Showing posts from January, 2018

Fistula in Anus

Image
ইয়াৰ কাৰণ :--     কুষ্ঠকাঠিন্য হোৱাৰ কাৰণে বেছি জোৰ দি শৌচ কৰোতে মলদ্বাৰ ফাটি যায়। ইয়াকে বোলা হয় Fistula বা Fistula in Anus.      এনে হলে শৌচৰ সময়ত অত্যন্ত জ্বলন বা বিষ হয়। মলৰ লগত প্ৰায়ে তেজ ওলাই। কেতিয়াবা ইয়াৰ বাবে মলদ্বাৰত ঘাঁ হবলৈ ধৰে। কেতিয়াবা কেতিয়াবা মলদ্বাৰত ফোঁহা হয় আৰু শৌচদ্বাৰৰ নলীত ঘাঁৰ সৃষ্টি হয়। লক্ষণ :- শৌচ কৰাৰ সময়ত বিষ, জ্বলন আদি প্ৰধান লক্ষণ। শৌচৰ লগত পূঁজ বা তেজ বাহিৰ হয়। কেতিয়াবা ঘাঁবোৰত বেছি পৰিমাণে পূঁজ হয় আৰু ঘাঁ বোৰ গভীৰ হয়।এই ৰোগৰ যিমান পাৰি সোনকালে চিকিৎসা আৰম্ভ কৰিব পৰা যায় ৰোগীৰ বাবে মংগলজনক। চিকিৎসা:- ৰোগৰ প্ৰথম অৱস্থাত মলদ্বাৰ ভালকৈ ধুই pilex জাতীয় ointment ব্যৱহাৰ কৰিব লাগে। ইয়াৰ লগে লগেই চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোগ নিৰাময়ৰ বাবে Antibiotics ৰ course আৰম্ভ কৰা উচিত। ঔষধি চিকিৎসাত যদিহে ৰোগৰ উপশম নঘটে তেন্তে শৈল চিকিৎসা বা operation কৰাব লগা হব পাৰে। অনুষঙ্গিক ব্যৱস্থা :-- প্ৰথম অৱস্থাত গৰম সেক আৰু নিয়মিত ভাৱে local application ব্যৱহাৰ কৰা আৱশ্যক। ইয়াৰোপৰি অধিক পৰিশ্ৰম কৰা, ঘোঁৰাত উঠা, ওখ ঠাই বগুৱা আদিৰ পৰা আঁতৰি...

Appendicitis এপেণ্ডিছাইটিছ

Image
ইয়াৰ কাৰণ :--         ক্ষুদ্ৰান্ত যি ঠাইত বৃহৎঅন্ত্ৰৰ সৈতে যোগ হৈছে, সেই ঠাইত এটি বাঢ়ি থকা অংশ আছে, তাকেই কোৱা হয় cecum/caceum. ইয়াৰ পৰাই আৰম্ভ হয় বৃহৎ অন্ত্ৰ। ইয়াৰ লগতে যুক্ত হৈ আছে এটি উপাঙ্গ বা vermiform Appendix. ইয়াৰ মুখ ভাগত থাকে এটি valve. এই ভালব থাকে কাৰণেই খাদ্য দ্ৰব্য উপাঙ্গত প্ৰৱেশ কৰিব নোৱাৰে। উপাঙ্গটিৰ ওপৰৰ মুখ খোলা থাকে কিন্তু অন্য মোৰ বন্ধ থাকে।       কুষ্ঠকাঠিন্য বা অতিৰিক্ত মাংসহাৰ, অথবা উপাঙ্গত মল জমা হোৱা, মাছৰ কাঁইট, সৰু হাড়ৰ টুকুৰা বা অন্য কোনো পদাৰ্থ উপাঙ্গত প্ৰৱেশ কৰিলে উপাঙ্গৰ infection আৰম্ভ হব পাৰে আৰু তেতিয়া ইয়াত বিষ অনুভৱ হয়। আৰু এই infection হোৱা ৰোগটিকে Appendicitis এপাপেণ্ডিচাইটিছ বুলি কোৱা হয়। B. Coil বা coli bacillus আৰু streptococcus ইত্যাদিৰ আক্ৰমনেই এই ৰোগৰ মূল কাৰণ। এই ৰোগ চলি থাকিলে তলৰ উল্লেখিত অৱস্থা লক্ষ্য কৰা যায়। ১.  প্ৰথম অৱস্থা :-- Catarrhal Stage             এই অৱস্থাত প্ৰথমে খাদ্যৰ টুকুৰা বা অন্য কিছু বস্তু উপাঙ্গত...

প্লীহা বৃদ্ধি বা Enlarge Spleen

Image
ইয়াৰ কাৰণ :--      প্লীহা বা spleen  বীৰ্দ্ধিৰ মূল কাৰণ হল, মেলেৰিয়া, কলা জ্বৰ, back water fever, leukaemia, liver chirosis, splenic anaemia, tropical splenomegaly ইত্যাদি। ইয়াৰ লক্ষণ :--       বৰ্ধিত প্লীহা ২/১০ আঙুল পৰ্যন্ত পোৱা যায়। ইয়াৰ লগতে পেটৰ অস্বাভাৱিকতা, কুষ্ঠকাঠিন্য, অধিক দুৰ্বলতা আদি ভাব থাকে। প্লীহা ক্ৰমে ডাঙৰ হৈ পেটৰ সোঁ ফালে ব্যাপ্ত হৈ পৰে। ইয়াৰ ফলত পেটৰ ভিতৰত সোঁফালে কিবা এটা ওলমি থকা যেন অনুভৱ হব পাৰে।          এই ৰোগ বেছি হলে, তেজ গ্ৰহণী, দাঁতৰ গুৰি ফুলা, বা ৰক্তপাত, পেট উখহা আদি হব পাৰে। কেতিয়াবা ইয়াৰ ফলত ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱা দেখা পোৱা যায়। চিকিৎসা বা Treatment অতি সোনকালে পৰাপক্ষত এজন দক্ষ চিকিৎসকৰ পৰামৰ্শ অত্যন্ত আৱশ্যক। আনুকসংগিক ব্যৱস্থা :-- ১.  কেঁচা কুমলীয়া অমিতাৰ ৰস ৫ টোপাল মান পানীত মিহলাই পুৱাই খালী পেটত খুৱালে ভাল ফল পোৱা যায়। ২.  পুৰণি চাউলৰ ভাত, কেঁচা অমিতাৰ আঞ্জা ৰোগীৰ বাবে উপকাৰী। অধিক মছলা ঘি/ তেল আদি বৰ্জনীয়।      ...

JAUNDICE জণ্ডিচ বা পিলিয়া

Image
চকু,  ছাল আৰু প্ৰেছাব হালধীয়া ৰঙৰ হোৱাকে পিলিয়া বা জণ্ডিচ বুলি কোৱা হয়। এই ৰোগত ভোগা ৰোগীৰ তেজত bile pigment ৰ পৰিমাণ বাহি যোৱা দেখা যায়। ইয়াৰ কাৰণ :-- ১. ৰক্তকণিকাৰ red blood cells ৰ ক্ৰমাগত ভাবে ধংশ হোৱা। Haemolysis. ২. যকৃতৰ বেমাৰ বা জ্বলন। Hepatocellular. ৩. অৱৰোধক বা obstruction- যকৃতৰ উৎসৰ পৰা আৰম্ভ কৰি অন্ত্ৰ লৈকে পিত্ত প্ৰবাহৰ যি পথ,  Bile channel তাৰ যি কোনো স্থানত অৱৰোধ। ৪. Hemolytic :-- মেলেৰিয়া, কলা জ্বৰ, বা বিষাক্ত সৰ্পই কামুৰিলে। ইয়াৰ লক্ষণ :-- এই ৰোগ হলে ৰোগীৰ গাৰ ছাল, চকুৰ বগা অংশ, নাকৰ আগ ভাগ আন কি প্ৰেছাব পৰ্যন্ত হালধীয়া বৰণৰ হয়। বিচনাত যদি ৰোগীৰ গাৰ ঘাম লাগি থাকে তেন্তে বিচনাও হালধীয়া হৈ যায়। ৰোগীৰ চকু জুৰি হালধীয়া ৰঙে আৱৰি ধৰা কাৰণে ৰোগীয়ে প্ৰায় বিলাক বস্তুকেই হালধীয়া বৰণৰ দেখি পায়।    কুষ্টকাঠিন্যা বা উডৰামই হব পাৰে। ভোক নলগা, পেটৰ বিষ, মুখত তিতা স্বাদ, শৌচত বগা ফেন বাহিৰ হব পাৰে। নাড়ী বা plus ৰ গতি অতি খৰ হব পাৰে। বমি, সিকটি, পিত্তবমি, অতি অৱকসন্নতা আদি ভাব দেখা পোৱা যায়। ইয়াৰ চিকিৎসা :--        ৰোগীৰ পিত্...

দাঁতৰ আলুৰ ফোঁহা বা Gum Boil

Image
ইয়াৰ কাৰণ :--     দাঁত ভাল ভাবে পৰিস্কাৰ নৰখা, দাঁতৰ মাজত খাদ্য দ্ৰব্য সোমাই থকা, পায়োৰিয়া ৰোগত ভোগা, শৰীৰত calcium ৰ অভাৱ, আদি কাৰণত এই ৰোগ হয়। ইয়াৰ লক্ষণ :--   দাঁতৰ গহ্বৰত সৰু আকাৰৰ ফ...

অন্ন নলীৰ প্ৰদাহ বা জ্বলন Sprue

Image
ইয়াৰ কাৰণ :--    সঠিক ভাবে কি কাৰণত এই ৰোগ হয়, তাক আজিও জানিব পৰা হোৱা নাই। অথচ এই ৰোগ এক ধৰণৰ বীজাণুৰ পৰাই হয় বুলি ধাৰণা কৰা হয়।     ভাৰতবৰ্ষত কেতিয়াবা কেতিয়াবা এই ৰোগ হৈছে যদ...

Mouth cancer বা মুখত পচনশীল ক্ষত/ঘা

Image
এই ৰোগ সাধাৰণতে কলাজ্বৰৰ শেষ অৱস্থাত হোৱা দেখা পোৱা যায়। প্ৰায়ে আলোত ঘাঁ, বা দীৰ্ঘদিন ধৰি দাঁতৰ ৰোগত আক্রান্ত হৈ থাকিলেও এই ৰোগ হব পাৰে।   অতি দুৰ্বল অৱস্থাৰ কেঁচুৱাৰ শ...

ডিঙিৰ বিষ বা Sore Throat

Image
ইয়াৰ কাৰণ :-- ১.  পানীলগা ২.  ডিঙিত ভাইৰাছ বা বীজাণুৰ আক্ৰমণ ৩.  তনছিল গন্থীৰ ৰোগ (Toncil) ৪.  দীপথেৰিয়া ( diphtheria ) ৫.  বগা ৰক্তকণিকাৰ হ্ৰাস ( Agranulocytosis ) ৬.  বেচিকৈ টেটুফালি চিঞৰা ৭.  ডিঙিত আঘাত লগা আদি। ইয়াৰ লক্ষণ :--    মুখৰ ভিতৰত জ্বলন, আলজিভা প্রায় অলপ ডাঙৰ হৈ যায়। আলোত জ্বলন হয় আৰু ফুলি উঠে, ইয়াৰ লগতে জ্বৰ থকাটো স্বাভাবিক।      ডিঙিৰ মাজত পিৰপিৰণি বা সুৰসুৰণি থাকে। খোৱা বস্তু গিলোতে কষ্ট হয় বা কেতিয়াবা গিলিবকে নোৱাৰে।প্ৰায়ে মূৰ ঘূৰোৱা, মুখ ৰঙা পৰা, মুখ ডাঙৰ কৈ মেলি ডিঙি পৰীক্ষা কৰিলে ডিঙিৰ ভিতৰ ভাগ অত্যাধিক ৰঙা দেখা যায়। এই ৰোগ বেছি দিন স্তায়ী হোৱাতো কিন্তু ভালৰ লক্ষণ নহয়। চিকিৎসা বা Treatment :-- যি কোনো কাৰণতে নহওক কিয়, তৎকালে এজন ENT Specialist ৰ কাষ চপা ভাল। আনুকসংগিক ব্যৱস্থা :--    এই ৰোগ হলে কেতিয়াও ডিঙিত ঠাণ্ডা লাগিবলৈ দিব নালাগে। ৰোগীয়ে যাতে বেছিকৈ কথা বাৰ্তা পাতিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। প্ৰথম অৱস্থাত কোমল আৰু কম পৰিমাণে পথ্য দিয়াটো উচিত। দৈ গাখীৰ...

জিভাৰ জ্বলন বা Glossitis

Image
ইয়াৰ কাৰণ :--      ভিতামিনৰ অভাৱ, ঠাণ্ডা লগা, জিভা অকস্মাত জ্বলি যোৱা, তামোল পানত বেছিকৈ চূণ খোৱা ইত্যাদি কাৰণত এই ৰোগ হয়। কেতিয়াবা আকৌ দাঁতৰ বেমাৰৰ পূঁজ লাগিও এনে হোৱা দেখা পোৱা যায়। ইয়াৰ লক্ষণ :--     জিভা ৰঙা পৰে, ফুলি উঠে আৰু ভীষণ বিষ অনুভৱ হয়। কেতিয়াবা জিভা ফুলি মুখৰ বাহিৰলৈ ওলাই অহা দেখা যায়। জিভাৰ পৰা বহুত বেছি পৰিমাণে লালটি নিঃসৰণ হয়। খাওঁতে, গিলোতে, আৰু কথা কওঁতে ৰোগীয়ে বৰ কষ্ট অনুভৱ কৰে। শাসৰোধ হোৱাৰ উপক্ৰম হয়। জিভা প্ৰায়ে মিহি হৈ থাকে।        জিভাত প্ৰায়ে সৰু সৰু ফুচুৰি হয় আৰু তাৰ কাৰণে জিভা লৰালে বিষ অনুভৱ হয়। নিমখ, জ্বলা বা যিকোনো মচলাযুক্ত খাদ্য খাওঁতে বৰ কষ্ট হয়। প্ৰায়ে জিভা ফুলি থাকে। কেতিয়াবা এই ফুচুৰি বোৰ ফাটি যায়। চিকিৎসা বা Treatment :--     যথাসময়ত চিকিৎসাৰ ব্যৱস্থা কৰিলে ভয়ৰ কোনো কাৰণ নাই। আনুসংগিক ব্যৱস্থা :--  পাণৰ ৰস আৰু খাটি গৰুৰ ঘিউ গৰম কৰি জিভাত লগালে বা জিভা মালিচ কৰিলেও ঘাঁ অতি সোনকালে শুকাই যায়। _______________##______________ আগলৈ ক্ৰমশঃ Plea...

Hepatitis বা যকৃতৰ ৰোগ

Image
ইয়াৰ কাৰণ :--     বহুদিন ধৰি গ্ৰহণী ৰোগত ভোগা, Melena, কলাজ্বৰ, typhoid, influenza , septic fever, yellow fever আদিত ভুগিলে অথবা নিয়মিত ভাৱে অতিৰিক্ত মদ্যপান কৰিলে Liver বা যকৃতৰ বৃদ্ধি হয় আৰু তাৰ ফলত যকৃতৰ জ্বলন আৰম্ভ হয়। ইয়াৰ লক্ষণ :--     যকৃতৰ আকাৰ বাঢ়ি যায় আৰু ই শকত হৈ পৰে। পেটৰ সোঁফালে বিষ অনুভৱ হয়। যকৃতৰ বিষ, জ্বৰ, মূৰৰ বিষ, মুখত তিতা তিতা ভাব, লেপলেপীয়া জিভা, ভোক নলগা বা খাবলৈ ইচ্ছা নোযোৱা আদি উপখৰ্গই দেখা দিয়ে। কেতিয়াবা হালধী পানীৰ দৰে আৰু কেতিয়াবা বগা শৌচ হয়। সোঁফালৰ কান্ধত বিষ অনুভৱ হব পাৰে। কেতিয়াবা আকৌ ডিঙিৰ সোঁফালে ও বিষ অনুভৱ হব পাৰে। সোঁহাতেৰে কাম কৰিলে কষ্ট অনুভৱ হয়। পাছলৈ সুকান্ধৰ বিষ, চকু হালধীয়া, Liver  ৰৰ স্থানত হেচুকিলে বিষ অনুভৱ, জোৰেৰে নিশ্বাস ললে বিষ অনুভৱ আদিও দেখা পোৱা যায়।     বমি বা বমিৰ ইচ্ছা, কুষ্ঠকাঠিন্য, উডৰামই, মূত্ৰৰ হালধীয়া বৰণ, যকৃত ক্ৰমে বৃদ্ধি পায় গৈ থকা আদি উপখৰ্গও থাকে। ৰাতি প্ৰায়ে জাৰ আৰু কঁপনিৰ সৈতে জ্বৰ থাকে। এনে হলে প্ৰায়ে পাছলৈ ই Liver Absess লৈ পৰিৱৰ্তিত হয়।   ...

Stomatitis বা মুখগহ্বৰ জ্বলন ৰোগ।

Image
ইয়াৰ কাৰণ:--   পাকস্থলীৰ ক্ৰিয়াৰ গোলমালৰ কাৰণে এই ৰোগ হোৱা দেখা যায়। ইয়াৰোপৰি সৰুআই, বা জ্বৰ আদিৰ কাৰণেও ই হব পাৰে। দাঁত আৰু মুখ পৰিস্কাৰ কৈ নৰখা, বেছি পৰিমাণে পান, তামোল পান, চূণ আদি খোৱা, পুষ্টিকৰ খাদ্য বা vitamin ৰ অভাৱ। কিছু কিছু ক্ষেত্ৰত বীজাণুৰ আক্ৰমণৰ বাবেও এই ৰোগ হোৱা পৰিলক্ষিত হয়। ইয়াৰ লক্ষণ সমূহ :-- ১.  মুখৰ ভিতৰৰ আৱৰণ ফুলি উঠে। ৰক্তক্ষৰণ, বিষ বেদনাৰ লগতে ঘাঁ ও হব পাৰে। ২.  কেতিয়াবা কেতিয়াবা এনে ঘাঁত পূঁজ হয় আৰু মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হয়। ৩.  জিভা, দাঁতৰ আলু আদি ফুলি উঠে আৰু ঘাঁ হয়। ৪.  শ্বাস প্ৰশ্বাসত দুৰ্গন্ধ বাহিৰ হয়। চিকিৎসা বা Treatment :--       এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব। চিকিৎসকৰ ওচৰলৈ যোৱাৰ পূৰ্বে যদিহে বেছি অসুবিধা হয় তেন্তে, boric acid গৰম পানীত মিহলাই মুখ কুলকুলি কৰিলে উপকাৰ পোৱা যায়।    যি ঠাইত বা অংশত ঘাঁ হয় সেই ঠাইত boro glysarine 2% বা cortola 20% ইত্যাদিৰ যি কোনো এটা লগাব পৰা যায়। আনুকসংগিক ব্যৱস্থা :--       প্ৰত্যেক দিনেই দাঁত চাফ ৰখা আৰু মুখ ধোৱা অতি আৱশ্যক।...